আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভঙ্গী' শীৰ্ষক ৰাজনৈতিক সন্মিলন

ইটানগৰ, ১৯ অক্টোবৰ: বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন, প্ৰতাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয়, দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে৷ সেয়ে ক্ৰমবৰ্দ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্বাক শক্তিশালী কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ’ব লাগিব৷ – এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷

আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে আয়োজন কৰা ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভঙ্গী’ শীৰ্ষক ৰাজনৈতিক সন্মিলনত ভাগ লৈ গগৈয়ে কয় যে দেশৰ অন্য প্ৰান্তৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশাতকৈ পৃথক৷ সেয়ে দিল্লীৰ নিয়ন্ত্ৰণত চলা ৰাজনৈতিক দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মনৰ বেদনা উপলব্ধি কৰা সম্ভৱ নহয় যিটো সময়ে সময়ে প্ৰমাণ হৈ আহিছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তীব্ৰ বিৰোধ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে কা’ প্ৰৱৰ্তন কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্থানীয় জনগণৰ মতামতক উপেক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীৰ দ্বাৰা মাৰাত্মক পাম গছৰ খেতি কৰোৱাৰ সিদ্ধান্ত লোৱালৈকে সকলো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ স্থানীয় স্বাৰ্থক উপেক্ষা কৰাটো কাৰো অজানা নহয়৷ অথচ আমি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা ৰাজনৈতিক দলসমূহৰ মাজত সমন্বয় নথকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে নিজৰ নীতি আৰু সিদ্ধান্তসমূহ আমাৰ ওপৰত জাপি দিব পাৰিছে৷ সেই কাৰণে আঞ্চলিক শক্তিসমূহৰ মাজত সমন্বয় এতিয়া সময়ৰ আহ্বান৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত ৰাজনৈতিক সন্মিলনত ‘টিপ্ৰা’ৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্য দেববাৰ্মা, বিশিষ্ট সাংবাদিকত্ৰয় পেট্ৰিচিয়া মুখিম, সংগীতা বৰুৱা আৰু কৌশিক ডেকা, মেঘালয়ৰ কেবনেট মন্ত্ৰী জে’মছ চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা তথা এন ডি পি পি দলৰ সাধাৰণ সম্পাদক আবু মেহতাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল, বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহকেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য আগবঢায়৷

টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্যই নিজৰ বক্তব্যত কয় যে বিজেপিৰ দৰে আগ্ৰাসী শক্তিক পৰাভূত কৰাটো অসম্ভৱ বুলি এটা ধাৰণা সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা হৈছে যিটো আচলতে সত্য নহয়৷ ত্ৰিপুৰাত টিপ্ৰাই বিজেপিক পৰাজিত কৰি উদাহৰণ দেখুৱাই দিছে৷ বিজেপিৰ দিন চমু চাপি আহিছে৷ এতিয়া কেৱল বিজেপিৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলবাসী ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন৷

লগতে পঢ়ক- পেট্ৰ’লৰ মূল্য ১০০ সীমা অতিক্ৰম কৰাৰ পিছতো শাসকীয় বিজেপি নেতাৰ তুলুঙা মন্তব্য

মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে’মছ চাংমাই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰে৷ তেওঁ কয় যে কেন্দ্ৰই যে উত্তৰ-পূবৰ জনসাধাৰণৰ মতামতক গুৰুত্ব নিদিয়ে, ই তাৰ প্ৰমাণ৷ তেওঁ লগতে কয় যে যদিও তেওঁৰ দল বিজেপিৰ সৈতে মিত্ৰতাত আছে, কিন্তু উত্তৰ-পূবৰ সামগ্ৰিক স্বাৰ্থৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই৷ কা’ সমৰ্থন নকৰি এন পি পি দলে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰা বুলি দাবী কৰে চাংমাই৷

সাংবাদিক পেট্ৰিচিয়া মুখিমে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ থলুৱা জনগোষ্ঠীসমূহৰ মৌলিক সমস্যাসমূহ প্ৰায় একেই৷ কিন্তু অঞ্চলটোৰ ৰাজনৈতিক শক্তিসমূহ কোনোদিন একেখন মঞ্চত বহি আলোচনা কৰা নাই৷ গতিকে এইবাৰ উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহৰ এনেদৰে নীতিগত বিষয়ত আলোচনাৰ বাবে মিলিত হোৱাটো ভাল লক্ষণ৷ এই প্ৰক্ৰিয়া অব্যাহত থাকিব লাগে৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত কয় যে তেওঁৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক আলোচনাৰ এখন মঞ্চ প্ৰদান কৰিব খোজে৷ আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান ওলাব৷ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উদ্ভাৱনৰ হকে তেওঁৰ চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি চাংমাই কয় যে ইনাৰ লাইন পাৰ্মিট বা বহিৰাগত পঞ্জীয়ন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিকল্প হ’ব পাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্য সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দলে আলোচনা (ডাইলগ)ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি চাংমাই প্ৰকাশ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply