নিউজ ডেস্কঃ কৰ্ণাটকৰ শিৱমৌগাত বজৰং দলৰ কৰ্মকৰ্তা হৰ্ষৰ দেওবাৰে হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপি জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ঈশ্বৰপ্পাৰ বিৰুদ্ধে। কংগ্ৰেছে উত্থাপন কৰিছে এই অভিযোগ।

লগতে কংগ্ৰেছে প্ৰশ্ন কৰিছে যে, ১৪৪ ধাৰা বলবৎ হৈ থকাৰ পাছতো মন্ত্ৰীগৰাকীয়ে কিয় খোদ এই নিৰ্দেশ উলংঘা কৰিলে? ইফালে, ৰাজ্যৰ গৃহমন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰই ঘোষণা কৰা মতে, সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে, হৰ্ষ হিন্দুৰ নশ্বৰ দেহ নি থকা সময়ত উপস্থিত আছিল মন্ত্ৰীগৰাকী। সেই সময়তে সংঘটিত হয় হিংসাত্মক ঘটনা। একাংশই বহু বাহনত অগ্নি সংযোগ কৰে, দোকানৰ আচবাব ভাঙে। আনহাতে, কংগ্ৰেছে অভিযোগ কৰা মতে, মন্ত্ৰী ইশ্বৰপ্পায়ে উপস্থিত লোকসকলক উচতনি দিয়ে এনে কৰিবলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply