নিউজ ডেস্ক: নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ওলোৱাৰ পাছতেই কংগ্ৰেছৰ সকলো নিৰ্বাচিত প্ৰাৰ্থীক বেংগালুৰুত উপস্থিত হোৱাৰ নিৰ্দেশ মাল্লিকাৰ্জুন খৰ্গেৰ।

জানিব পৰা অনুসৰি হেলিকপ্টাৰো সাজু কৰিছে নিৰ্বাচিত প্ৰাৰ্থী সকলক বেংগালুৰুলৈ স্থানান্তৰৰ কৰা বাবে কংগ্ৰেছে।

কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ

বৃহৎ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত।

বৰ্তমানলৈকে(দুপৰীয়া ১.৩০ বজাত) কংগ্ৰেছে তিনিটা সমষ্টি জয়ৰ লগতে ১২৯ টা সমষ্টি অগ্ৰতি লাভ কৰি আছে।

ইফালে, বিজেপি শাসিত হৈ থকা চৰকাৰ খনে মাত্ৰ ৬৬ খন আসনত আগবাঢ়ি আছে।

JD(s) দলে ২২ খন আৰু অন্যান্য দলে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখ্য যে, কৰ্ণাটকৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা ২২৪। জয়ী হ’বলৈ হ’লে ১১৩ টা আসন লাভ কৰিব লাগিব। আগলৈ…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply