নিউজ ডেস্ক: দেশৰ মল্লযোদ্ধা খেলুৱৈসকলে ডব্লিউএফআইৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদ অব্যাহত আছে। আজি এই প্ৰতিবাদৰ ৭মটো দিন। আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পুৱা ৭.৪৫ বজাত যন্তৰ মন্তৰত উপস্থিত হয়। আৰু তেওঁ কয়, “আমি এতিয়ালৈকে এজাহাৰৰ প্ৰতিলিপি পোৱা নাই। প্ৰশ্নটো হ’ল চৰকাৰে ব্ৰিজ ভূষণক কিয় সুৰক্ষা দি আছে”।

প্ৰিয়ংকা গান্ধীয়ে বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াৰ সৈতে প্ৰতিবাদস্থলীতেই বহি কথা পাতে। তেওঁ প্ৰতিবাদস্থলীত প্ৰায় ৫০ মিনিট কথা পতা দেখা যায়। কথা পাতি থাকোতে বিনেশ আৰু সাক্ষী আৱেগিক হৈ পৰিছিল। প্ৰিয়ংকাই বিনেশক তাইৰ মূৰত হাত ৰাখি সান্ত্বনা দিয়াও দেখা যায়।

মল্লযোদ্ধাসকলক লগ কৰাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, দাখিল কৰা এজাহাৰখনত কি আছে কোনেও নাজানে। তেওঁলোকে ইয়াক কিয় দেখুওৱা নাই? যেতিয়া এই মল্লযোদ্ধাসকলে পদক জিকে তেতিয়া আমি সকলোৱে টুইট কৰোঁ। গৌৰৱান্বিত অনুভৱ কৰোঁ। আজি তেওঁলোক ৰাস্তাত বহি আছে। তেওঁলোকে ন্যায় পোৱা নাই।

লগতে তেওঁ কয়, এই সকলো মহিলা মল্লযোদ্ধাসকলে এই পৰ্যায়লৈ যাবলৈ যথেষ্ট সংগ্ৰাম কৰে। মই বুজি পোৱা নাই যে চৰকাৰে ব্ৰিজ ভূষণক কিয় সুৰক্ষা দি আছে। ব্ৰিজ ভূষণৰ বিৰুদ্ধে এনে বহুতো গুৰুতৰ অভিযোগ আছে, কিন্তু কোনো ব্যৱস্থা লোৱা হোৱা নাই। চৰকাৰে তেওঁক পদৰ পৰা আঁতৰাই দিয়া উচিত।

উল্লেখ্য যে, শুকুৰবাৰে নিশা দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত ব্ৰিজ ভূষণৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ পঞ্জীয়ন কৰা হয়। দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এগৰাকী নাবালিকাক মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ অভিযোগৰ বাবে প্ৰথমটো গোচৰ ৰুজু কৰে। একে সময়তে, আন ৬ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগত দ্বিতীয় এজাহাৰ পঞ্জীয়ন কৰে।

লগতে পঢ়ক – ‘মন কি বাত’ সংলাপে আয়ুষক ইতিবাচক আত্মবিশ্বাস প্ৰদান কৰাত সহায়ক হৈছে: সৰ্বানন্দ সোণোৱাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply