নিউজ ডেস্কঃ উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব ইতিমধ্যে সম্পন্ন হৈছে। তাৰ মাজতে মঙলবাৰে এটা ভিডিঅ’ টুইট কৰিছে কংগ্ৰেছে। ভিডিঅ’টোৰ ওপৰত কংগ্ৰেছে লিখিছে যে- ৰাজনীতিত এনে দৃশ্য বিৰল। এই ভিডিঅ’টোত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাক নিৰ্বাচনী প্ৰচাৰ সামগ্ৰী বিতৰণ কৰা দেখা গৈছে। নিৰ্বাচনী ঘোষণাপত্ৰ আৰু হাতৰ ব্ৰেচলেট ল’বলৈ একাংশ লোকে বাহনৰ কাষত থিয় হৈ থকা পৰিলক্ষিত হৈছে আৰু প্ৰিয়ংকা গান্ধীয়ে সেইবোৰ সামগ্ৰী বিতৰণ কৰিছে।

উল্লেখ্য যে, কংগ্ৰেছে এই ভিডিঅ’টো টুইট কৰি লগতে লিখিছে যে- এই ভিডিঅ’টোৰ পৰা স্পষ্ট হৈছে যে উত্তৰপ্ৰদেশত নিৰ্বাচনী বতাহ কোনদিশে বৈছে। মন কৰিবলগীয়া যে, উত্তৰপ্ৰদেশত নিৰ্বাচনী সকলো দায়িত্ব প্ৰিয়ংকা গান্ধীয়ে পালন কৰি যোৱা দেখা গৈছে।

১৯৮৫চনত অন্তিমবাৰৰ বাবে উত্তৰপ্ৰদেশত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। আৰু তাৰপাছৰে পৰা কংগ্ৰেছৰ জনপ্ৰিয়তা ৰাজ্যখনত ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতহে জানিব পৰা যাব যে কংগ্ৰেছক উত্তৰপ্ৰদেশৰ ৰাইজে গ্ৰহণ কৰিছে নে নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply