নিউজ ডেস্কঃ বাংলাদেশত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। বাংলাদেশৰ ছটগাঁৱৰ সীতাকুণ্ডা উপ জিলাত শনিবাৰে নিশা এটা ব্যক্তিগত কন্টেইনাৰ ডিপুত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে, এই অগ্নিকাণ্ডত ৩৫জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

ইফালে, অগ্নিকাণ্ডৰ ফলত আহত হৈছে প্ৰায় ৪৫০ গৰাকী লোক। এই ঘটনাক লৈ ছটগাঁও মেডিকেল কলেজ হাস্পতালৰ এছ আই নুৰুল আলমে কয় যে- প্ৰাৰম্ভিক তদন্তত কেমিকেলৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ সময়তে সংঘটিত হয় এক বিস্ফোৰণৰো ঘটনা। আৰু এই বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড আৰু অধিক ভয়াৱহ হৈ পৰিছে।

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে জুই নিৰ্বাপন কৰিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply