নিউজ ডেস্ক: জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ৰ উপাচাৰ্য্য এম জগদীশ কুমাৰক বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে।

কুমাৰক অহা পাঁচ বছৰৰ বাবে উচ্চ শিক্ষাৰ নীতি নিৰ্ধাৰক সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে বুলি শিক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

UGC-ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক ডি পি সিঙে অৱসৰ গ্ৰহণ কৰাৰ পিছত যোৱা ৭ ডিচেম্বৰৰ পৰা উক্ত পদটো খালী হৈ আছিল। আনহাতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ উপাধক্ষ্যৰ পদটোৱো খালী হৈ আছে।

উল্লেখযোগ্য যে JNU-ৰ উপাচাৰ্য্যৰ পদত এই পৰ্য্যন্ত নতুন নিযুক্তি প্ৰদান কৰা হোৱা নাই যাৰ বাবে নিজৰ পাঁচ বছৰীয়া কাৰ্য্যকাল সম্পূৰ্ণ হোৱাৰ পিছতো ৬০ বছৰীয়া কুমাৰে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্যৰ দায়িত্বত আছে।

২০১৬ চনত JNU-ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা কুমাৰৰ কাৰ্য্যকালত বিশ্ববিদ্যালয়খন ছাত্ৰ প্ৰতিবাদ, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক ৬ ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাকে ধৰি কেইবাটাও বিতৰ্কত সোমাই পৰিছিল।

আই আই টি মাদ্ৰাছৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ আৰু পি এইচ ডি অৰ্জন কৰা কুমাৰে পূৰ্বে আই আই টি খৰগপুৰ আৰু আই আই টি দিল্লীত অধ্যাপনা কৰাইছিল।

লগতে পঢ়ক – বিশ্ব কৰ্কট দিৱসৰ উপলক্ষে কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ক ৱেবিনাৰ অনুষ্ঠিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply