নিউজ ডেস্কঃ দেশত সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত এই ভাইৰাছত আক্ৰান্ত হৈছে ১৭০জন লোক। ইয়াৰ পাছতে বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪,৪৬,৮০,০৯৪জনলৈ বৃদ্ধি পাইছে।

চীন বা আনবোৰ ইউৰোপিয়ান ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ সংক্ৰমণৰ সংখ্য়া বহু কম যদিও এই ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা একেবাৰে নথকা নহয়। 

ইফালে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ভাৰতত কোভিড-১৯ত আক্ৰান্ত হৈ ৫,৩০,৭২১জন লোকে হেৰুৱাইছে প্ৰাণ।

আনহাতে, দৈনিক এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ ০.২০ শতাংশ। তাৰ উপৰিও সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.১১ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply