নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৩৩২৪জন লোক। অৱশ্যে দেওবাৰৰ দিনটোত নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা শনিবাৰৰ তুলনাত কিছু কম।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯০৯২জন ৰোগী। ইফালে, যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ৪০ গৰাকী লোকৰ মৃত্যু হৈছে। আৰু বৰ্তমান সময়ত আৰোগ্যৰ হাৰ দেশত ৯৮.৭৪ শতাংশ।

আনহাতে, ভাৰতত যোৱা ২৪ ঘন্টাৰ সময়চোৱাত সুস্থ হৈছে ২৮৭৬জন লোক। উল্লেখ্য যে, প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৭১ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.৬৮ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply