নিউজ ডেস্কঃ দেশত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ২৪৮৭জন লোক। যোৱা কিছুদিনৰ পৰা পুনৰ কোৰোনাৰ সংক্ৰমণ অতি লেহেমীয়া গতিৰে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। লক্ষণীয় যে, যোৱাকালি এই সংখ্যা আছিল ২৮৪১জন।

ইফালে, যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৩জন প্ৰাণ হেৰুওৱাৰ বিপৰীতে সুস্থ হৈছে ২৮৭৮জন লোক। আনহাতে, বৰ্তমানো ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৭৬৯২জন ৰোগী।

উল্লেখ্য যে, দেশত বৰ্তমান সময়ত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৬১ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.৬২ শতাংশ। এতিয়ালৈকে দেশত ৮৪.৩৮ কোটি নমুনাৰ কোভিড টেষ্ট কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply