নিউজ ডেস্কঃ ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২২২৬জন লোক। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শনিবাৰৰ পুৱা এই সংখ্যা আছিল ২৩২৩জন। সেই অনুসৰি, আজি নতুনকৈ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা কিছু কম।
উল্লেখ কৰাৰ প্ৰয়োজন যে, দেশত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪ সহস্ৰাধিক ৰোগী। ইফালে, যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত ভাৰতত সুস্থ হৈছে ২২০২জন লোক। ইয়াৰ পাছতে এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ৪২৫৯৭০০৩জনলৈ বৃদ্ধি পাইছে।
আনহাতে, আইচিএমআৰৰ তৰফৰ পৰা সদৰি কৰা তথ্য অনুসৰি শনিবাৰৰ দিনটোত ৪৪২৬৮১ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয় আৰু ইয়াৰে ২২২৬জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।