নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে কোৰোনাত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২২২৭০জন লোক। বৰ্তমান সময়ত পজিটিভিটী হাৰ দেশত ২ শতাংশৰ তলত অৰ্থাৎ ১.৮০ % লৈ হ্ৰাস পাইছে।

ইফালে, এই ২৪ ঘন্টাৰ সময়চোৱাত দেশত সুস্থ হৈছে ৬০,২৯৮জন লোক। ইয়াৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে ৩২৫জন লোকে। উল্লেখ্য যে, বৰ্তমান সময়ত দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫৩৭৩৯জন ৰোগী।

জানিব পৰা মতে, বৰ্তমান সময়ত ভাৰতত আৰোগ্যৰ হাৰ ৯৮.২১ শতাংশ। বৰ্তমানলৈ দেশত কোভিড ৭৫.৮১ কোটি লোকৰ কোভিড টেষ্ট কৰা হৈছে আৰু যোৱা ২৪ ঘন্টাত কোভিড টেষ্ট কৰা হৈছে ১২৩৫৪৭১জন লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply