নিউজ ডেস্কঃ ভাৰতত কৰোণাৰ সংক্ৰমণ ক্ৰমাত বৃদ্ধি পাব ধৰিছে। এদিনতে ভাৰতত কৰোণাত আক্ৰান্ত হ’ল ১৮,২৫৭জন। মৃত্যু হৈছে ৪২জনৰ। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰোণাত মৃত্যুৰ সংখ্যা ৫,২৫,৮২৮জনলৈ বৃদ্ধি পাইছে।
মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লীত কৰোণাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে। ২৪ঘন্টাৰ ভিতৰত তামিলনাডুত আক্ৰান্ত হ’ল ২,৬৭১জন। ইয়াৰ ভিতৰত চেন্নাইতে আক্ৰান্ত হৈছে ৮৪৪জন।
দিল্লীত আক্ৰান্ত হৈছে ৫৪৪জন, মৃত্যু হৈছে ২জন। মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ২,৭৬০ জন আৰু ইয়াৰে ভিতৰত ৪৯৯জন মুম্বাইৰ।
ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ ১,২৮,৬৯০জনলৈ বৃদ্ধি পাইছে। আনহাতে ২৪ঘন্টাৰ ভিতৰত সুস্থ হৈ উঠিছে ১৪,৫৫৩জন। দেশত কৰোণাত সংক্ৰমণৰ হাৰ ৩.৩৭%।