নিউজ ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই গৈ আছে। শুকুৰবাৰে পুৱা ভাগত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ২৪৫১গৰাকী লোক। ইয়াৰ পাছতে দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৩০৫২৪২৫গৰাকীলৈ বৃদ্ধি পাইছে।

ইফালে, দেশজুৰি বৰ্তমানলৈ ১৮৭২৬২৬৫১৫ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ১৮০৩৫৫৮ টা ভেকচিন প্ৰদান কৰা হৈছে। শুকুৰবাৰে ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪২৪১জন ৰোগী।

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ১৫৮৯জন লোক। আৰু এই সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৫৪ গৰাকী লোকৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply