নিউজ ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। প্ৰতিদিনাই নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। তাৰ মাজতে আজি অৰ্থাৎ বৃহস্পতিবাৰে আইআইটি, মাদ্ৰাছাৰ ১২ গৰাকী কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

আইআইটি, মাদ্ৰাছাৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে এই কথা সদৰি কৰে। এই ভাইৰাছৰ সংক্ৰমণ আকৌ এবাৰ দেশজুৰি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ ১২ জানুৱাৰী তাৰিখেও এই শিক্ষানুষ্ঠানখনত ৫৪ জনকৈ লোক আক্ৰান্ত হৈছিল কোভিড-১৯ত।

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ২৩৮০ জন লোক। আৰু এতিয়াও দেশত কোৰোনা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৩৪৩৩গৰাকী ৰোগী। ইফালে, এই সময়চোৱাত দেশত সুস্থ হৈছে ১২৩১জন লোক। বৰ্তমান সময়ত ভাৰতত আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply