নিউজ ডেস্কঃ দেশত পুনৰ উৰ্দ্ধগামী হৈছে কৰোণা ভাইৰাছত আক্ৰান্তৰ হাৰ। মঙলবাৰৰ দিনটোত দেশত কোভিডত আক্ৰান্তৰ সংখ্যা দুহেজাৰৰ তললৈ নামিছিল যদিও বিগত ২৪ঘন্টাত পুনৰ মুঠ আক্ৰান্তৰ সংখ্যা তিনিহাজাৰলৈ বৃদ্ধি পায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ৩,২০৫জন যিটো মঙলবাৰৰ তুলনাত ২৪.৮ শতাংশ বেছি।
Indian SARS-CoV-2 Genomics Consortiumয়ে জনোৱা অনুসৰি ভাৰতত কোভিড সংক্ৰমিত লোকসকলৰ শৰীৰত অমিক্ৰনৰ নতুন ভেৰিয়েন্ট পোৱা গৈছে। শেহতীয়া অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, ব্ৰিটেইনৰ বিশেষজ্ঞসকলে কৈছে যে এই ভেৰিয়েন্ট এতিয়ালৈকে ভাৰতত পোৱা কোভিডৰ বিভিন্ন প্ৰজাতিতকৈ বেছি মাৰাত্মক নহয়। ই তীব্ৰগতিত সংক্ৰমিত হ’ব নোৱাৰে।
বৰ্তমান সমগ্ৰ দেশতে সৰ্বমুঠ ১৮৯ কোটি ৪৮ লাখ এক হাজাৰ ২০৩ টা টিকাকৰণ কৰা হৈছে। বিগত ২৪ ঘণ্টাত, ২,৮০২ জন লোক কোভিডৰ পৰা আৰোগ্য হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৩১জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৰালাত মৃত্যুৰ সংখ্যা হৈছে ২৯ জন। মহাৰাষ্ট্ৰ আৰু দিল্লীত এজন লোকৰ মৃত্যু হৈছিল। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে দিল্লীত। বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে ১৪১৪গৰাকী। ইয়াৰ পিছতে হাৰিয়ানাত ৫০৫জন, উত্তৰ প্ৰদেশ ৩৩১জন আৰু কেৰালাত আক্ৰান্ত হৈছে ২৯৬জন।