নিউজ ডেস্কঃ একেৰাহে পাঁচ দিনৰ পিছত দেশত দৈনিক কৰোণাৰ সংক্ৰমণ তিনি লাখৰ তললৈ হ্ৰাস পায়। একে সময়তে, সংক্ৰমণৰ হাৰ ২০ শতাংশৰ তললৈ অৱনমিত হয়।
মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোণাত নতুনকৈ আক্ৰান্ত হৈছে ২,৫৫,৮৭৪ জন যিটো সোমবাৰৰ তুলনাত ১৬.৩৯ শতাংশলৈ হ্ৰাস পাইছে।
সংক্ৰমণৰ হাৰো একেৰাহে পাঁচ দিনত ১৫ শতাংশৰ ওপৰত আছিল। সোমবাৰে, ২০ শতাংশ অতিক্ৰম কৰে। কিন্তু যোৱা ২৪ ঘণ্টাত, আক্ৰান্তৰ হাৰ ১৫.৫২ শতাংশলৈ হ্ৰাস পাইছে।
মঙলবাৰে ২,৫০,০০০ ৰো অধিক নতুন আক্ৰান্তক ধৰি সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে স্থান পায়। এই মুহূৰ্তত, আমেৰিকা যুক্তৰাষ্ট্ৰত ৭কোটি লোক কোভিডত আক্ৰান্ত হৈছে। ভাৰতত আক্ৰান্তৰ প্ৰায় ৪কোটি।
লগতে পঢ়কঃ২৬ জানুৱাৰীত মণিপুৰৰ নাগা বসতিপ্ৰধান অঞ্চলত বন্ধৰ ঘোষণা
যোৱা কোভিডত সুস্থ হোৱাৰ সংখ্যায়ো বৃদ্ধি পাইছে। ২৪ ঘণ্টাত দেশত আৰোগ্য হৈছে ২ লাখ ৬৭ হাজাৰ ৭৫৩ জন।
ভাৰতত দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষত আছে কৰ্ণাটক। ৰাজ্যখনত ২৪ঘণ্টাত ৪৬,৪২৬ জন লোক সংক্ৰমিত হৈছে। ইয়াৰ পিছতে তামিলনাডুত ৩০,২১৫, মহাৰাষ্ট্ৰত ২৮,২৮৬ আৰু কেৰালাত ২৬,৫১৪ জন লোক সংক্ৰমিত হৈছে।