নিউজ ডেস্ক: ক’ৰোনাত আক্ৰান্তৰ সংখ্যা যোৱা ২৪ ঘন্টাত ১,৬৮,৯১২ লৈ বৃদ্ধি পাইছে । যোৱা ৬টা দিনৰ ভিতৰত এই সংখ্যা সৰ্বাধিক ৰূপে বিবেচিত হৈছে । দেশত সক্ৰিয় ক’ৰোনা পজিটিভৰ সংখ্যাই ১২ লাখৰ সীমা অতিক্ৰম কৰিছে । যোৱা ২৪ ঘন্টাত ৯০৪ জনৰ মৃত্যু হোৱাৰ খবৰ ।
শেহতীয়াকৈ ভয়াবহ ৰূপ লোৱাৰ পিছত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই দ্বিতীয় স্থানলৈ আগবাঢ়িছে । ক’ৰোনাৰ শেহতীয়া তথ্যই প্ৰকাশ কৰা ৱেবছাইট ৱৰ্ল্ডমিটাৰৰ তালিকা অনুসৰি, ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰি যুক্তৰাষ্ট্ৰৰ পিছতে দ্বিতীয় স্থানত আছে। দেশত এতিয়ালৈকে মুঠ ক’ৰোনা সংক্ৰমণৰ সংখ্যা হৈছে ১,৩৫,২৫,৩৭৯ আৰু মৃত্যু হৈছে ১,৭০,১৭৯গৰাকীৰ।
ব্ৰাজিলত ১,৩৪,৮২,৫৪৩ গৰাকী লোক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। দেশখনত ৩,৫৩,২৯৩গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰততকৈ ব্ৰাজিলত ক’ৰোনাৰ মৃত্যুৰ সংখ্যা বেছি।
ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ সৰ্বাধিক স্থানত আছে। এতিয়ালৈকে দেশখনত ৩,১৯,১৮,৫৯১গৰাকী লোক ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ৫,৭৫,৮২৯ গৰাকী লোকৰ মৃত্যু হৈছে।
ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ব্ৰাজিলৰ পিছত আছে ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন, তুৰস্ক, ইটালী আৰু স্পেইন।
এতিয়ালৈকে, বিশ্বত ১৩,৬৬,৩০,৩৫২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ লগতে মৃত্যুবৰণ কৰিছে ২৯,৪৯,২৭৯ গৰাকীয়ে।

ভাৰতত দ্বিতীয় সংস্কৰণে ভয়াবহ ৰূপ লোৱাৰ পিছতো জনসাধাৰনে মুকলি ভাবে কোনো ধৰনৰ সুৰক্ষা অবিহনেই ঘুৰি ফুৰিছে | চৰকাৰে নিয়ম ঘোষণা কৰিছে যদিও মানুহৰ জনসমাগম কমা নাই কোনো অঞ্চলতে । উত্তৰাখন্ডৰ কুম্ভমেলাত যোৱা দেওবাৰে হোৱা জনসমাগমেই ইয়াৰ উদাহৰন । এই ঘটনাৰ ফলত ক’ভিডৰ সংক্ৰমন আৰু ভয়ানক ৰূপ লোৱাৰ সম্ভাবনাই অধিক ।