নিউজ ডেস্ক : সোমবাৰে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা যোৱা ১১১ দিনৰ ভিতৰত আটাইতকৈ তললৈ নামিছিল যদিও কালিৰ দিনটোত পুনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়।

মঙলবাৰে দেশত ৪৩,৭৩৩ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.২৯ শতাংশ।

কালি মুঠ ১৯,০৭,২১৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৬,৬৩,৬৬৫ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৪,৫৯,৯২০ গৰাকী।  

বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৫০ শতাংশ।

লগতে পঢ়ক : বিদ্যুতৰ মাচুল অনাদায়; এ পি ডি চি এলৰ ওচৰত ৰাজ্য চৰকাৰৰ ৯৫ কোটি টকাৰ ধাৰ

যোৱা ২৪ ঘণ্টাত ৯৩০ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৪,০৪,২১১ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

উক্ত ৯৩০ গৰাকী লোকৰ ভিতৰত মহাৰাষ্ট্ৰত ৩৯৫ গৰাকী, কেৰেলাত ১৪২ গৰাকী আৰু কৰ্ণাটকত ৯২ গৰাকী লোকৰ মৃত্যু হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply