নিউজ ডেস্ক: স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা সোমবাৰে পুৱা জাৰি কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত মুঠ ৮,৯৩,৭৪৯জন লোকৰ পৰীক্ষাত ১,০৩,৫৫৮জন লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। আনহাতে, এই দিনটোত ৪৭৮জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৫২,৮৪৭জন লোক কোৰোণাৰ পৰা মুক্ত হৈছে।
দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
কোৰোণাৰ দ্বিতীয় ঢৌত সৰ্বাধিক প্ৰভাৱিত হৈছে মহাৰাষ্ট্ৰ। বলিউডত কোভিডৰ প্ৰকোপ ভয়ানক ৰূপত বৃদ্ধি পাইছে, এজনৰ পিছত আনজন বলীউদৰ তাৰকা কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৰণবীৰ কাপুৰ, কাৰ্তিক আৰয়ান, মনোজ বাজপেয়ী, আৰ মাধৱন, পৰেশ ৰাৱাল, আলিয়া ভাট আৰু আমিৰ খানৰ পিছত অক্ষয় কুমাৰ আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছতে চেন্ট্ৰেল মুম্বাইৰ হীৰা নন্দানী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দেওবাৰে অক্ষয় কুমাৰক হাস্পতালত ভৰ্তি কৰোৱা হয়।
মহাৰাষ্ট্ৰতে ৫৭,০৭৪ জন লোক আক্ৰান্ত হৈছে যোৱা ২৪ ঘন্টাত , মৃত্যু হৈছে ২২২ জনৰ । মহাৰাষ্ট্ৰৰ পুনে আৰু মুম্বাই দুয়োখন চহৰ বিশেষ ভাবে কোভিডৰ গ্ৰাসত পৰিছে । যোৱা ২৪ ঘন্টাত পুনেত ১২,৪৭২ জন আৰু মুম্বাইত ১১,২০৬ জন লোক আক্ৰান্ত হৈছে কোভিডত । ইয়াৰ উপৰিও দিল্লী, কৰ্ণাটক, উত্তৰ প্ৰদেশতো ইয়াৰ পৰিমান দিনকদিনে বৃদ্ধি পাইছে । তিনিওখন ৰাজ্যতে এই সময়চোৱাত ৪ হাজাৰকৈ লোক আক্ৰান্ত হৈছে। ছত্তিছগড়ত এইসময় চোৱাত ৫ হাজাৰ কেচ পোহৰলৈ আহিছে ।