নিউজ ডেস্কঃ যোৱা এসপ্তাহ ধৰি ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা নিম্নমুখী হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দৈনিক আক্ৰান্ত হৈছে ৭,২১৯। আনহাতে শুকুৰবাৰে আক্ৰান্ত হৈছিল ৬,১৬৮। ৰাজ্য অনুসৰি কোভিড পৰিস্থিতিলৈ লক্ষ্য কৰি, কেৰালা আৰু মহাৰাষ্ট্ৰ দৈনিক আক্ৰান্ত তালিকাৰ শীৰ্ষত আছে। বিগত ২৪ ঘণ্টাত, কেৰালা আৰু মহাৰাষ্ট্ৰত দৈনিক আক্ৰান্ত হৈছে ক্ৰমান্বয়ে ১,২৮৩ আৰু ১,২৫৮ জন। ইয়াৰ পিছত আছে কৰ্ণাটক (১,১০৫), তামিলনাডু (৪৮২) আৰু দিল্লী (২৯৯)।
পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্ৰমণৰ হাৰ সামান্য বৃদ্ধি হৈ ১.৯৮ শতাংশ হৈছে। শুকুৰবাৰে আছিল ১.৯৪ শতাংশ।
আনহাতে যোৱা ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈ ৩৩ জন লোকৰ মৃত্যু হৈছে ইয়াৰে ভিতৰত কেৰালাত মৃত্যু হৈছে ১১জনৰ, মহাৰাষ্ট্ৰত ৬জন, উত্তৰ প্ৰদেশ, দিল্লী আৰু পশ্চিম বংগত ২লোকৰ মৃত্যু হৈছে। উৰিষ্যা, ৰাজস্থান, গুজৰাট, ছত্তীশগড়, হাৰিয়ানা, পঞ্জাৱ, উত্তৰাখণ্ড আৰু ছিকিমত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমানলৈকে দেশত কোভিড-১৯-ৰ ফলত ৫,৩০,৫৩৬ জন লোকৰ মৃত্যু হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৯,৬৫১ জন লোক কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে। সমগ্ৰ দেশতে ৪ কোটি ৩৮ লাখ ৬৫ হাজাৰ ১৬ জন লোক সুস্থ হৈছে।