নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৭৬১জন লোক। যোৱা কালি এই সংখ্যা আছিল ২০৭৫জন।

ইফালে, যোৱা ২৪ ঘন্টাৰ সময়ত দেশত কোৰোনাত আক্ৰান্ত ১২৭জন লোকে হেৰুৱাই প্ৰাণ। লক্ষণীয় যে, প্ৰতিদিনাই দেশত আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। যোৱা ২৪ ঘন্টাৰ সময়ত ভাৰতত সুস্থ হৈছে ৩১৯৬জন লোক।

এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২৪০জন ৰোগী। বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ আৰু পজিটিভিটী হাৰ ০.৪১ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply