নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৬৩৯৬জন লোক। এই সংখ্যা যোৱা কালিৰ তুলনাত ২.৫ শতাংশ কম।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ দেশত ১৭৮.২৯ কোটি লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। ইফালে, ভাৰতত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৯,৮৯৭জন ৰোগী।

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত দেশত ১৩,৪৫০জন লোক সুস্থ হৈছে। জানিব পৰা মতে, দৈনিক পজিটিভিটী হাৰ বৰ্তমান সময়ত ০.৬৯ শতাংশ। আনহাতে, ২৪ ঘন্টাৰ এই সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ২০১জন লোকে হেৰুৱাইছে প্ৰাণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply