নিউজ ডেস্কঃ মুম্বাইৰ বিশেষ আদালতে সোমবাৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকৰ ন্যায়িক জিম্মাৰ তাৰিখ ২২ এপ্ৰিললৈ বৃদ্ধি কৰিছে। মালিকে কাঠগড়াত থিয় হৈ ন্যায়ালয়ত কয় যে- ‘মই অসুস্থ। যেতিয়াই জেলৰ কৰ্তৃপক্ষক মোৰ অসুস্থতাৰ বিষয়ে জনাও তেতিয়াই কেৱল দুটামান ঔষধ দিয়ে। কিন্তু মই মোৰ অসুস্থতাৰ বাবে স্থায়ী সমাধান বিচাৰিছো।’
উল্লেখ্য যে, যোৱা ২৩ ফেব্ৰুৱাৰীত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক প্ৰায় এঘন্টা সোধ-পোছ কৰিছিল। তাৰপাছত তেওঁক কৰিছিল গ্ৰেপ্তাৰ।
নবাব মালিকক ডাউড ইব্ৰাহিম আৰু মষ্ট ৱান্টেড ডনৰ সতীৰ্থ কেইগৰাকী মানৰ সৈতে ধনৰ লেন-দেন আৰু মাটি কিনা-বেচা সন্দৰ্ভত সোধা-পোছা কৰিছিল ইডিয়ে। ইডিয়ে সদৰি কৰিছিল যে- সোধ-পোছ কৰাৰ সময়ত নবাব মালিকে সহযোগ কৰা নাছিল।