নিউজ ডেস্ক : দেশৰ ২ বছৰৰ ওপৰৰ শিশুসকলক ক’ভেক্সিন প্ৰতিষেধক প্ৰদানৰ অনুমতি জনাইছে বিশেষজ্ঞ কমিটিয়ে।
মঙলবাৰে Subject Expert Committee (SEC) – এ ভাৰত বায়’টেকে প্ৰস্তুত কৰা ক’ভেক্সিন ২ৰ পৰা ১৮ বছৰৰ শিশু/কিশোৰ সকলক জৰুৰী পৰিস্থিতিত প্ৰদান কৰাৰ বাবে অনুমোদন জনায়।
যোৱা ছেপ্টেম্বৰ মাহত হায়দৰাবাদস্থিত ভাৰত বায়’টেকে ১৮ বছৰৰ তলৰ ল’ৰা ছোৱালীৰ ওপৰত ক’ভেক্সিনৰ ফে’জ-২ আৰু ফে’জ-৩ ট্ৰায়েল সম্পূৰ্ণ কৰি Drugs and Comptroller General of India (DCGI) -ক প্ৰতিবেদন জমা দিছিল।
২০ দিনৰ ব্যৱধানত প্ৰথম আৰু দ্বিতীয় পালি ক’ভেক্সিন প্ৰদান কৰা হ’ব।
ইয়াৰ পূৰ্বে যোৱা আগষ্টত ভাৰতত ১২ৰ পৰা ১৮ বছৰৰ কিশোৰসকলক জৰুৰী পৰিস্থিতিত ZyCov-D -ৰ ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছিল।
লগতে পঢ়ক : সলনি কৰা হ’ল টেট পৰীক্ষাৰ দিন
আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোকসকলৰ বাবে কৰোণা প্ৰতিষেধকৰ অতিৰিক্ত তৃতীয় পালি প্ৰদানত অনুমোদন জনাইছে।