দেশ জুৰি ১ মেৰ পৰা ১৮ বছৰৰ পৰা ৪৫ বছৰৰ লোকৰ বাবে কোৰোনা প্ৰতিষেধক লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পিছতেই ইয়াৰ প্ৰতিষেধক হিচাবে থকা দুয়োটা ভেকচিনৰ দাম দুগুন দৰত বিক্ৰি কৰিবলৈ সিদ্ধান্ত লৈছে কোম্পানী দুটাই ।
কিছুদিনৰ আগতে ছীৰাম ইনষ্টিটিউটে তেওলোকৰ ভেকচিন কোভিশ্বিল্ডৰ মূল্য ৰাজ্য সমূহৰ বাবে ৪০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়ৰ বাবে ৬০০ টকা নিদ্ধাৰন কৰাৰ পিছত ভাৰত বায়’টেকেও ক’ভাস্কিনৰ মূল্য বৃদ্ধি কৰিছে।
ভাৰত বায়’টেকে পৰৱৰ্তী পৰ্যায়ৰ টিকাকৰণ অভিযানৰ বাবে ক’ভাক্সিন ভেকছিনৰ মূল্য ৰাজ্য চৰকাৰসমূহৰ পৰা ক’ভাক্সিন ভেকছিনৰ প্ৰতিটো পালিৰ মূল্য ৬০০ টকা নিৰ্ধাৰণ কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয়সমূহে ভাৰত বায়টেকৰ পৰা ক’ভাক্সিনৰ প্ৰতিটো পালি ক্ৰয় কৰিব লাগিব ১২০০ টকাত।
উল্লেখ্য যে, বৰ্তমানলৈকে টিকাকৰণ কৰা ১৩.৮১ কোটি লোকৰ ভিতৰত, ৯.২৪ শতাংশ লোকেই ক’ভাক্সিন ভেকছিন লাভ কৰিছে। ভাৰত বায়টেকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ বাবে নিৰ্ধাৰণ কৰিছে ক’ভাক্সিনৰ মূল্য।
এই টিকাকৰণ অভিযানৰ লক্ষ্য হৈছে ১৮ বছৰৰ ঊৰ্ধৰ প্ৰতিজন নাগৰিককে টিকাকৰণ কৰা। ইতিমধ্যে, ভাৰতৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনে। লক্ষণীয়ভাৱে ক’ভাক্সিন, ক’ভিশ্বিল্ডতকৈ দুগুণ ব্যয়বহুল। দুয়োটা কোম্পানীয়ে ১৫০ টকা দৰত কেন্দ্ৰীয় চৰকাৰক প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ বাবে ভেকচিনৰ যোগান ধৰিছিল ।