নিউজ ডেস্কঃ কোভিড-১৯ৰ হটস্পট ৰূপত পৰিণত হৈছে আইআইটি মাদ্ৰাছ। শুকুৰবাৰে পুনৰ আইআইটি মাদ্ৰাছত ১৮জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। বৰ্তমানলৈকে এই শিক্ষানুষ্ঠানখনত কোৰোনাত আক্ৰান্ত হৈছে ৩০জনকৈ লোক।
ইফালে, ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সচিব গৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰিবলৈ আৰু কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে। লক্ষণীয় যে, যোৱা কিছুদিনত দিল্লী, কেৰালা, হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাইছে।
উল্লেখ্য যে, শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ আক্ৰান্তৰ হাৰ ২.৯৮ শতাংশ বৃদ্ধি পাইছে। এই সময়চোৱাত ভাৰতত ২৪৫১জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
ইফালে, এই সময়চোৱাত ১৫৮৯জন লোক সুস্থ হোৱাৰ বিপৰীতে ৫৪জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। মন কৰিবলগীয়া যে, এপ্ৰিল মাহৰে আৰম্ভণিলৈকে নতুনকৈ আক্ৰান্তৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা বহুত কম।