নিউজ ডেস্ক: দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।একেৰাহে তৃতীয় দিনৰ বাবে কৰোনাত আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত । বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ১,৩১,৯৬৮ গৰাকী ।এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৭৮০ গৰাকীৰ । দেশত বৰ্তমানলৈ ৯,৪৩,৩৪,২৬৮ গৰাকীক প্ৰদান কৰা হৈছে কোভিড ভেকচিন । দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ১,৩০,৬০,৫৪২ গৰাকী ।
কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১,৬৭,৬৪২ গৰাকীৰ ।
আৰু পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ পৰাজয়
লকডাউন আৰু কোৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত মোডীয়ে ক’লে চৰকাৰে লকডাউনৰ পোষকতা নকৰে। লগতে কোভিডৰ দ্বিতীয় ঢৌ প্ৰথম ঢৌত কৈ বেছি ভয়াবহ বুলি মন্তব্য মোডীৰ ।
পূৰ্বতে কোভিড সম্পৰ্কে লোৱা সাৱধানতা ব্যৱহাৰ কৰিব লাগিব বুলি কয় মোডীয়ে ।
বৃহস্পতিবাৰৰ দিনটোতে ৰাজ্যত ধৰা পৰিছে ২৪৫ ক’ভিড পজিটিভ । ইয়াৰে ১২৮ গৰাকী কেৱল কামৰূপ মহানগৰৰ।
মুঠ ২২৮৮৮গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল, তাৰ ভিতৰত ১.০৭ শতাংশ লোক ক’ভিড-১৯ত আক্ৰান্ত ধৰা পৰে।