নিউজ ডেস্ক : চীনত পুনৰ নতুনকৈ ক’ভিড পজিটিভ কে’চ ধৰা পৰাৰ পিছত দেশখনৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে বেইজিঙত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পোৱাৰ পিছত ১০০ খনতকৈ অধিক বিমান বাতিল কৰাৰ লগতে শিক্ষানুষ্ঠান আদি বন্ধ কৰি দিয়া হৈছে।
যোৱা দিনকেইটাত দেশখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩৮ গৰাকীলৈ বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে প্ৰকাশ কৰিছে।
শুকুৰবাৰে দেশখনত ৩২ টা পজিটিভ কে’চ ধৰা পৰিছিল।
জানিব পৰা মতে চীনৰ ক্ৰছ প্ৰভিঞ্চিয়েল ট্যুৰিঙত পৰ্যটকৰ এটি দলৰ ভিতৰত সাতগৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছৰে পৰা অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে।
চীনৰ দুখনকৈ মুখ্য বিমানবন্দৰ ক্ৰমে ঝি-আন আৰু লানঝোউত প্ৰায় 60 শতাংশ বিমানৰ চলাচলৰ সাময়িকভাৱে বাতিল কৰা হৈছে ৷
চীন চৰকাৰে জনোৱা মতে দেশখনে শনিবাৰলৈকে ২.২৪৩ বিলিয়ন লোকক ক’ভিডৰ টীকাকৰণ সম্পন্ন কৰিছে।
লগতে পঢ়ক : বাংলাদেশত দুই ফৈদৰ মাজত সংঘটিত সংঘৰ্ষত ৬ জন ৰোহিঙিয়া শৰণাৰ্থী নিহত