নিউজ ডেস্কঃ দেশত কভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে কভিড১৯ত আক্ৰান্ত হৈছে লক্ষাধিক লোক।
প্ৰত্যেক দিনে এই ৰোগত মৃত্যু হৈছে ১৫০০তকৈ অধিক লোক।
বহু চিকিৎসক-নাৰ্ছ, স্বাস্থ্য কৰ্মীয়ো আক্ৰান্ত হৈছে কভিড ১৯ত।
এই মহামাৰীৰ প্ৰতিষেধক লোৱাৰ পিছতো দিল্লীৰ বহু স্বাস্থ্যকৰ্মী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
আৰু পঢ়কঃ ভাৰতত এটা দিনত অভিলেখ সংখ্যক ২,৭৩,৮১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত
এনে সময়তে আগশাৰীত থাকি ভয়ংকৰ কভিডৰ বিৰুদ্ধে যুঁজ দিয়া ‘কভিড যোদ্ধা’ চিকিৎসক-নাৰ্ছ, স্বাস্থ্য কৰ্মীৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰি দিলে মোদী চৰকাৰে।
২৪এপ্ৰিলৰ পৰা বন্ধ কৰি দিয়া হ’ব স্বাস্থ্যকৰ্মীৰ এই বীমা আচঁনি।
ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যসচিবলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে।
স্বাস্থ্য সচিবৰ পত্ৰখনত কোৱা হৈছে যে ২৪ মাৰ্চৰ মাজনিশালৈকে এই বীমা আঁচনিখন কাৰ্যকৰী হ’ব।
২০২০ চনৰ ২৬ মাৰ্চত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা এই আঁচনিখন প্ৰথমে ৯০ দিনৰ বাবে কাৰ্যকৰী কৰা হৈছিল আৰু পিছত এবছৰৰলৈ ম্যাদ বৃদ্ধি কৰিছিল।
মোদী চৰকাৰে ঘোষণা কৰিছিল যে দেশৰ কোনো চিকিৎসক-নাৰ্ছ, স্বাস্থ্য কৰ্মী কৰোনাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিলে ‘কভিড যোদ্ধা’ জনৰ পৰিয়াললৈ ৫০লাখ টকাৰ বীমা আগবঢ়োৱা হ’ব।
ফেব্ৰুৱাৰী পৰ্যন্ত কভিড ১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৮৯জন স্বাস্থ্য কৰ্মী।
ইয়াৰে ভিতৰত ১৭৪জন চিকিৎসক, ১১৬ গৰাকী নাৰ্ছ আৰু ১৯৯ জন স্বাস্থ্য কৰ্মী।
পিছে মোদী চৰকাৰৰ এই বীমা ২৮৭ চিকিৎসক-নাৰ্ছ, স্বাস্থ্য কৰ্মীৰ পৰিয়ালে লাভ কৰাৰ সুযোগ লাভ কৰিলে ।
এই আঁচনিখনে ব্যক্তিগত খণ্ডৰ শ্ৰমিকসকলকো সামৰি লৈছিল। কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ইয়াৰ ১.৭ লাখ কোটি টকাৰ কোভিড-১৯ সাহায্য পেকেজৰ অংশ হিচাপে আঁচনিখন ঘোষণা কৰিছিল।
বিগত বৰ্ষত দেশৰ বহু কেইখন হস্পিতালত কভিড যোদ্ধাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কভিড যোদ্ধা সকলক হেলিকপ্টাৰেৰে পুষ্প বৃষ্টিয়ো কৰা হৈছিল।
কিন্তু বৰ্তমান দেশত কৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ সময়তে মোদী চৰকাৰে এই কভিড যোদ্ধা সকলৰ বাবে ঘোষণা কৰা বীমা আচঁনি বন্ধ কৰি দিয়াত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে।
পিছে স্বাস্থ্য কৰ্মী সকলৰ বাবে শীৰ্ঘ্ৰেই নতুন ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কেন্দ্ৰই জনাইছে।