যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৩,৩৯০ জন।
কামৰূপ মহানগৰত এদিনতে ৯১৯ জন আক্ৰান্ত হয়।
২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হয় ৪ জনৰ। কৰোনা আক্ৰান্তৰ
২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ ৯.৮৭ শতাংশ। এই সময় চোৱাত ৩৪,৩৫৫ জনৰ কোভিড পৰীক্ষা কৰা হৈছিল।
বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ২লাখ ৭১হাজাৰ ২০২গৰাকী।
৩১৪গৰাকী লোকৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
এই সময়চোৱাত ১লাখ ৩৮হাজাৰ ৩২১গৰাকী ৰোগী সুস্থ হৈ উভতিছে ঘৰলৈ।
দেশত পজিটিভিটিৰ হাৰ ১৬.২৮লৈ বৃদ্ধি পাইছে।
ইফালে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা দেশত ৭হাজাৰ ৭৭৩লৈ বৃদ্ধি পাইছে।
কোভিডত আক্ৰান্ত হৈ অসম নাট্য সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক, মঙলদৈৰ নাটকৰ বাটকটীয়া বিপুল চলিহাৰ আকস্মিক মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰে মঙলদৈৰ চহৰ। ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শনিবাৰে বিয়লি ৪.৪১ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
জোনাইতো কৰোনাৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য প্ৰকাশ পাইছে। ব্যক্তিগত বিদ্যালয় জুবলী মডেল হাইস্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে। বিদ্যালয়খনৰ ২৬ শিক্ষাৰ্থী-শিক্ষকৰ দেহত কোভিডৰ সংক্ৰমণ হৈছে।
হোষ্টেলসমূহলৈও যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। জোনাইত এইপৰ্যন্ত ৫৮গৰাকীৰ ক’ভিডত আক্ৰান্ত হৈছে।
নলবাৰী CRPF কেম্পত কোভিডৰ ভয়ংকৰ সংক্ৰমণ হৈছে। বামুণবড়ী কেম্পৰ ১৩জনৰ দেহত কোভিড-১৯ পোৱা গৈছে। আটাইকেইজন আক্ৰান্তক বেলশৰ মডেল হাস্পতালত ভৰ্তি।