নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। বিগত কিছুমাহ।ধৰি সমগ্ৰ দেশতে তাণ্ডৱ চলাই থকা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰিছে।
বুধবাৰৰ দিনটোত দেশত ৪৮,৭৮৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৫৪ শতাংশ।
কালি মুঠ ১৯,২১,৪৫০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৪,১১,৬৩৪ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৫,২৩,২৫৭ গৰাকী।
বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৭২ শতাংশ।
লগতে পঢ়ক : নাগালেণ্ডত পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন
যোৱা ২৪ ঘণ্টাত ১,০০৫ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৯৯,৫৪৯ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
মৃত্যু হোৱা ১,০০৫ গৰাকী লোকৰ ভিতৰত ২২১ গৰাকী উত্তৰাখণ্ডৰ, ১৪২ গৰাকী কেৰেলাৰ, ১৪১ গৰাকী মহাৰাষ্ট্ৰৰ, ১১৩ গৰাকী তামিলনাডুৰ আৰু ১১১ গৰাকী কৰ্ণাটকৰ।