নিউজ ডেস্ক : মঙলবাৰে ভাৰতত ১,৩২,৭৮৮ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৬.৫৭ শতাংশ।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৮৩,০৭,৮৩২ গৰাকী।

যোৱা ২৪ ঘণ্টাত ৩,২০৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৩৫,১০২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

লগতে পঢ়ক : হোজাইত চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২৪জনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।

দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত চাৰিদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত চাৰিদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply