বৃহস্পতিবাৰে ভাৰতত ১,৩২,৩৬৪ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৬.৩৮ শতাংশ।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৮৫,৭৪,৩৫০ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,৭১৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৪০,৭০২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
বৃহস্পতিবাৰে মৃত্যু হোৱা সকলৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৪৩ গৰাকী, কৰ্ণাটকত ৫১৪ গৰাকী, তামিলনাণ্ডুত ৪৬০ গৰাকী, কেৰেলাত ১৫৩ গৰাকী, পশ্চিমবংগ আৰু উত্তৰ-প্ৰদেশত ১০৮ গৰাকী।
লগতে পঢ়ক : নাগালেণ্ড ভাৰতত নাই? চাওক জনপ্ৰিয় ৰাষ্ট্ৰীয় চেনেলৰ সাংবাদিকৰ মন্তব্য
উল্লেখযোগ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।
দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত কিছুদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত চাৰিদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।