নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। বিগত কিছুমাহ ধৰি সমগ্ৰ দেশতে তাণ্ডৱ চলাই থকা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰিছে।

যোৱা ১১১ দিনৰ ভিতৰত সোমবাৰে দেশত আটাইতকৈ কম সংখ্যক লোক ক’ভিতত আক্ৰান্ত হয়। সোমবাৰৰ দিনটোত দেশত ৩৪,৭০৩ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.১১ শতাংশ।

কালি মুঠ ১৬,৪৭,৪২৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৬,১৯,৯৩২ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৪,৬৪,৩৫৭ গৰাকী।  

বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৫২ শতাংশ।

লগতে পঢ়ক : অহা দুবছৰৰ ভিতৰত ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ উঠিব : অখিল গগৈ

যোৱা ২৪ ঘণ্টাত ৫৫৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৪,০৩,২৮১ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply