নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। যোৱা ১০২ দিনৰ ভিতৰত প্ৰথমবাৰলৈ সোমবাৰে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামে।

কালিৰ দিনটোত দেশত ৩৭,৫৬৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.১২ শতাংশ।

কালি মুঠ ১৭,৬৮,০০৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৩,১৬,৮৯৭ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৫,৫২,৬৫৯ গৰাকী।  

বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৮২ শতাংশ।

লগতে পঢ়ক : পুনৰ বিতৰ্কত টুইটাৰ; জম্মু কাশ্মীৰ আৰু লাডাখক বনালে পৃথক দেশ!

যোৱা ২৪ ঘণ্টাত ৯০৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়, যিটো হৈছে যোৱা ৭৭ দিনৰ ভিতৰত সৰ্বনিম্ন। এই পৰ্য্যন্ত দেশত মুঠ ৩,৯৭,৬৩৭ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

মৃত্যু হোৱা ৯০৭ গৰাকী লোকৰ ভিতৰত ২৮৭ গৰাকী মহাৰাষ্ট্ৰৰ, ১১০ গৰাকী কেৰেলাৰ, ৯৮ গৰাকী তামিলনাডুৰ আৰু ৯৩ গৰাকী কৰ্ণাটকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply