নিউজ ডেস্ক : শুকুৰবাৰে ভাৰতত ১,২০,৫২৯ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৫.৭৮ শতাংশ।
যোৱা ৫৮ দিনৰ ভিতৰত কালিৰ দিনটোত আটাইতকৈ কম সংখ্যক লোকৰ মাজত ক’ভিড পজিটিভ ধৰা পৰে। শুকুৰবাৰে মুঠ ২০,৮৪,৪৩১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৮৬,৯৪,৮৭৯ গৰাকী।
যোৱা ২৪ ঘণ্টাত ৩,৩৮০ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৪৪,০৮২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
লগতে পঢ়ক : বিক্ষিপ্ত, উদ্ভট : কিদৰে বামুণী পাহাৰত ১৮ টা হাতীৰ মৃত্যু হৈছিল?
বৃহস্পতিবাৰে ভাৰতত ১,৩২,৩৬৪ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰাৰ লগতে ২,৭১৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।
দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত কিছুদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত কিছুদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।