নিউজ ডেস্ক : বুধবাৰে ভাৰতত ১,৩৪,১৫৪ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৬.২১ শতাংশ।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৮৪,৪১,৯৮৬ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,৮৮৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৩৭,৯৮৯ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
লগতে পঢ়ক : কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰা
উল্লেখযোগ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।
দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত কিছুদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে। বিগত চাৰিদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত আছে।