মঙলবাৰে ভাৰতত ৬২,২২৪ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৯২ শতাংশ।
অৱশ্যে, কালিৰ তুলনাত সোমবাৰে দেশত কম সংখ্যক (৬০,৪৭১) লোক ক’ভিডত আক্ৰান্ত হৈছিল যদিও আক্ৰান্ত হাৰ অধিক আছিল। সোমবাৰে ৩.৪৫ শতাংশ ক’ভিডত আক্ৰান্ত হৈছিল।
মঙলবাৰে মুঠ ১৯,৩০,৯৮৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।
লগতে পঢ়ক : ইউৰো কাপ ২০২১ : দলৰ তালিকা, সময়সূচী, ক’ত আৰু কিদৰে উপভোগ কৰিব
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৬,৩৩,১০৫ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,৫৪২ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৭৯,৫৭৩ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৪৭,৯৪৬ গৰাকী ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠিছে।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৬,১৯,৭২,০১৪ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।