নিউজ ডেস্ক : ভাৰতত এতিয়াও অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। এতিয়াও ভাৰতত প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। অৱশ্যে পূৰ্বৰ তুলনাত শেহতীয়াকৈ ক’বিড আক্ৰান্তৰ সংখ্যা যথেষ্ট তললৈ নামিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৮,১৩২ টা নতুন ক’ভিড কেচ ধৰা পৰে, এই সংখ্যা বিগত ২১৫ দিনৰ ভিতৰত সৰ্বনিম্ন।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ক’ভিডত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩,৩৯,৭১,৬০৭ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ হৈছে ৯৮ শতাংশ।
এতিয়ালৈকে ৪,৫০,৭৮২ গৰাকী লোকে প্ৰাণ হেৰোৱাইছে, ইয়াৰে ১৯৩ গৰাকী ৰোগীৰ দেওবাৰে মৃত্যু হয়।
আনহাতে বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ২,২৭,৩৪৭। এই সংখ্যা যোৱা ২০৯ দিনৰ ভিতৰত আটাইতকৈ কম।
উল্লেখযোগ্য যে যোৱা ৪ মে’ত ভাৰতে ক’ভিড আক্ৰান্তৰ ২ কোটিৰ সংখ্যা অতিক্ৰম কৰাৰ বিপৰীতে যোৱা ২৩ ৩ কোটিৰ সংখ্যা পাৰ কৰিছিল।
লগতে পঢ়ক : আজি ষষ্ঠীৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা হ’ব দেৱীৰ, গুৱাহাটীৰ পুজা কমিটি সমুহলৈ কঠোৰ নিৰ্দেশ প্ৰশাসনৰ