নিউজ ডেস্ক: দুমাহৰ পিছত দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই পুনৰ ১ শতাংশ অতিক্ৰম কৰিছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত দৈনিক আক্ৰান্তৰ ১.০৭ শতাংশ।
কালিৰ দিনটোত ৩,১৫৭ গৰাকী লোক নতুনকৈ ক’ভিডত আ্ক্ৰান্ত হোৱাৰ বিপৰীতে ২৬ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
এই পৰ্য্যন্ত ভাৰতত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,৩০,৮২,৩৪৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২৩,৮৬৯ গৰাকী বৃদ্ধি পায়।
আনহাতে, আজি পুৱা ৮ বজাত প্ৰকাশ পোৱা তথ্য অনুসৰি বৰ্তমান দেশত বৰ্তমান ১৯,৫০০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে, কালিৰ দিনটোত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৪০৮ গৰাকী বৃদ্ধি পায়।
উল্লেখযোগ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত দেশত ক’ভিডৰ দৈনিক আক্ৰান্তৰ হাৰ আছিল ১.১১ শতাংশ।
লগতে পঢ়ক – মোক গ্ৰেপ্তাৰ কৰাতো হৈছে ৫৬-ইন্সি কাপুৰুষালি: জিগনেশ মেৱানী