নিউজ ডেস্কঃ সমগ্ৰ দেশতেই পুনৰ ক্ৰমান্বয়ে তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ৮৩২৯জন লোক।
তাৰ বিপৰীতে ১০ গৰাকী কোৰোনাত আক্ৰান্ত ৰোগীয়ে হেৰুৱালে প্ৰাণ। উল্লেখ্য যে, ১০ জুন অৰ্থাৎ শুকুৰবাৰে নতুনকৈ কোভিডত আক্ৰান্তৰ সংখ্যা আছিল ৭৫৮৪জন।
এই সংখ্যালৈ মন দিলে বুজিব পাৰি যে, প্ৰতিদিনাই নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। ইফালে, যোৱা ২৪ ঘন্টাৰ এই সময়চোৱাত সুস্থ হৈছে ৪২১৬জন লোক।
আনহাতে, এতিয়াও ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪০,৩৭০জন ৰোগী। উল্লেখ কৰাৰ প্ৰয়োজন যে, যোৱা ২৪ ঘন্টাত দেশত ৩,৪৪,৯৯৪ গৰাকী লোকৰ কৰা হয় কোভিড টেষ্ট। আৰু ইয়াৰে ৮ সহস্ৰাধিক লোকৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি।