নিউজ ডেস্কঃ ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৮৫৮২জন লোক। ইয়াৰ পাছতে বৰ্তমানলৈ দেশত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪৩২২২০১৭জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে অৰ্থাৎ যোৱাকালি ভাৰতত কোৰোনাত আক্ৰান্ত হৈছিল ৮৩২৯জন লোক।
প্ৰতিদিনে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইফালে, বৰ্তমান সময়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৪৫১৩জন ৰোগী। উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত চাৰি জন লোকে কোৰোনাত প্ৰাণ হেৰুৱাইছে।
আনহাতে, এই সময়চোৱাত সুস্থ হৈছে ৪৪৩৫জন লোক। আৰু এতিয়া দেশত আৰোগ্যৰ হাৰ ৯৮.৬৮ শতাংশ। তাৰ বিপৰীতে দেশত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ২.৭১ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ২.০২ শতাংশ।