নিউজ ডেস্ক : এফালে দেশজুৰি কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ ভয়াবহ স্থিতি, আনফালে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন। কভিডৰ দ্বিতীয়টো ঢৌৱে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ মাজতে পশ্চিম বংগত আৰু তিনিটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছে। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পশ্চিম বংগত হ’বলগীয়া তেওঁৰ নিৰ্বাচনী সভা সমূহ বাতিল কৰিছে।
পশ্চিম বংগত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা বাতিল কৰাৰ সিদ্ধান্তৰ পিছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ কলকাতাত অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচনী সভা বাতিল কৰিছে। কলকাতাৰ নিৰ্বাচনী সভা বাতিল কৰাৰ লগতে মমতা বেনাৰ্জীয়ে তেওঁৰ অন্যান্য নিৰ্বাচনী সভা সমূহৰ সময় হ্ৰাস কৰিছে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আগন্ত সপ্তাহত ১৭ খনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। তৃণমূল কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰই টুইট যোগে জানিবলৈ দিয়ে কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মমতা বেনাৰ্জীয়ে নিজৰ কলকাতাৰ নিৰ্বাচনী সভা বাতিল কৰিছে।
তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে লগতে টুইট যোগে জানিবলৈ দিয়ে যে অন্যান্য জিলা সমূহত হ’বলগীয়া মমতা বেনাৰ্জীৰ নিৰ্বাচনী সভা সমূহ মাত্ৰ আধা ঘন্টাকৈ অনুষ্ঠিত কৰা হ’ব। ইফালে বিজেপি দলেও পশ্চিম বংগত “অপনা বুথ কৰ’ণা মুক্ত” অভিযান আৰম্ভ কৰিছে।
বিজেপি নেতা জে পি নড্ডাই বিজেপি দলৰ পশ্চিম বংগৰ কৰ্মকতা সকলক কভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সহায়ৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায়। কভিড ৰোগী সকলক চিকিৎসালায়ত ভৰ্তি কৰোৱাত সহায় কৰাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰিবলৈও বিজেপি কর্মীক আহ্বান জনায় জে পি নড্ডাই।
উল্লেখ্য যে পশ্চিম বংগত ২২ এপ্ৰিলত ষষ্ঠ, ২৬ এপ্ৰিলত সষ্টম আৰু ২৯ এপ্ৰিলত অষ্টম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া আছে। বিধানসভা নিৰ্বাচনকলৈ পশ্চিম বংগত অনুষ্ঠিত হৈ থকা প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা সমূহত ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী সভাত অহা বহু লোকে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্বও পালন নকৰা পৰিলক্ষিত হৈছে।
পশ্চিম বংগত যোৱা ২৪ ঘণ্টাত ৮,৪১৯ গৰাকী লোক কভিডত আক্রান্ত হোৱাৰ লগতে ২৮ গৰাকী লোকৰ মৃত্যু হৈছে। পশ্চিম বংগত কভিড ৰোগীৰ সংখ্যা ৬,৫৯,৯২৭ লৈ স্পৰ্শ কৰিছে। যোৱা ২৪ ঘণ্টাত কলকাতাত ২,১৯৭ গৰাকী লোক কভিডত আক্রান্ত হোৱাৰ বিপৰীতে ২৪ পাৰগনা জিলাত আক্রান্ত হৈছে ১,৮৬০ গৰাকী লোক।