নিউজ ডেস্ক : পুনৰ ধাৰাবাহিকভাৱে দেশত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা। বিগত কিছুদিন সংক্ৰমণৰ হাৰ হ্ৰাস পাইছিল যদিও পুনৰ উৰ্ধগামী হ’বলৈ ধৰে সংক্ৰমণৰ হাৰ। বৰ্তমান দেশৰ পাঁচখনকৈ ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা।
দেশৰ ক’ভিড পৰিস্থিতি পূৰ্বৰ তুলনাত বহু নিয়ন্ত্ৰণলৈ আহিছে যদিও বিগত কিছুদিন ধৰি পুনৰ দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰতিদিনে ৪০ হাজাৰৰ ওপৰত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত পুনৰ আক্রান্তৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম কৰিছে। আক্রান্ত হাৰ বৃদ্ধি পাইছে যদিও নিয়ন্ত্ৰণত আছে মৃতকৰ সংখ্যা।
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪৪ হাজাৰ ২৩০ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৫৫৫ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৪২ হাজাৰ ৩৬০ জন লোক।
লগতে পঢ়ক : ঘোষণা হ’ল ২০২১ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
বৰ্তমান দেশৰ পাঁচখনকৈ ৰাজ্যত ক’ভিড পৰিস্থিতি অধিক জটিল হৈ আছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত কেৰেলা অন্যতম। দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা সকলৰ ৫০ শতাংশ কেৰেলাৰ। কেৰেলাৰ লগতে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুত ক’ভিড সংক্ৰমণৰ হাৰ অধিক।