নিউজ ডেস্ক : মাৰাত্মক ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ এতিয়াও স্তব্ধ হোৱা নাই দেশত। বর্তমানেও দেশত অব্যাহত আছে ক’ভিডৰ তাণ্ডৱ। আগষ্ট মাহৰ আৰম্ভণিৰ পৰা পুনৰ দেশত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে। আগষ্ট মাহত প্ৰতিদিনে দেশত ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে।
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪৪ হাজাৰ ৬৪৩ জন। আনহাতে যোৱা ২৪ ঘন্টাৰ ভিতৰত দেশত মৃত্যুৰ মুখত পৰিছে ৪৬৪ জন ক’ভিড ৰোগী। ইফালে যোৱা ২৪ ঘণ্টাত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ৪১ হাজাৰ ৯৬ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীত সোণাৰিত আছুৰ প্ৰতিবাদ
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা সুস্থ হৈ উঠা লোকৰ সংখ্যাতকৈ ৩ হাজাৰ ৪৩ জন অধিক। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ২৪ ঘণ্টাৰ ভিতৰত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ৪২ হাজাৰ ৯৮২ জন লোক। মৃত্যু হৈছিল ৫৩৩ জনৰ।