নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে মৃতকৰ সংখ্যাও হ্ৰাস পাইছে। আগষ্ট মাহৰ প্ৰথমটো সপ্তাহত দেশত তৃতীয়বাৰৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে। ইফালে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪৯১ জন ক’ভিড ৰোগী।

দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩৯ হাজাৰ ৭০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪৯১ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪৩ হাজাৰ ৯১০ জন।

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। আগষ্ট মাহৰ প্ৰথমটো সপ্তাহত তৃতীয়বাৰৰ বাবে দেশত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে।

লগতে পঢ়ক : পুনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত অসম আৰক্ষীৰ গুলী চালনা

ইয়াৰ পূৰ্বে ২ আগষ্ট আৰু ৬ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তলত আছিল। ২ আগষ্টত ২৪ ঘণ্টাৰ ভিতৰত ৩০ হাজাৰ ৫৪৯ জন লোক আৰু ৬ আগষ্টত ৩৮ হাজাৰ ৬২৮ জন লোক আক্রান্ত হৈছিল।চলিত মাহত ১, ৩, ৪ আৰু ৫ আগষ্টত প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply