নিউজ ডেস্ক : দেশত কভিড মহামাৰীৰ তাণ্ডৱ অব্যাহত আছে। লক্ষাধিক লোক দেশত প্ৰতিদিনে কভিডত নতুনকৈ আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবা হাজাৰ লোক। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ পৰিস্থিতি অধিক ভয়াবহ হৈছে আছে। বিগত সময়ছোৱাত দিল্লীত ব্যাপক হাৰত কভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে যোৱা ২৪ ঘণ্টাত হ্ৰাস পাইছে আক্রান্তৰ সংখ্যা।
কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে বেয়াকৈ বিধ্বস্ত কৰা দিল্লীত যোৱা ২৪ ঘণ্টাত কভিডত নতুনকৈ আক্রান্ত হৈছে ১৯ হাজাৰ ৮৫ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত দিল্লীত কভিড ৰোগীৰ মৃত্যুৰ শ্বখ্যা4 হৈছে ৩৪১ জন। একেখিনি সময়ত দিল্লীত কভিডক পৰাস্ত কৰি সুস্থ হৈ উঠিছে ১৯ হাজাৰ ৮৫ জন লোক।
শুকুৰবাৰে সন্ধিয়াৰ ভাগত স্বাস্থ্য বিভাগৰ তথ্য মতে ৰাজধানী দিল্লীত বৰ্তমানলৈকে ১২ লাখ ৯২ হাজাৰ ৮৬৭ জন লোক কভিডত আক্রান্ত হৈছে। ১৮ হাজাৰ ৭৩৯ জন কভিড ৰোগী দিল্লীত বর্তমানলৈকে মৃত্যুৰ মুখত পৰাৰ পৰিবৰ্তে ১১ লাখ ৮৩ হাজাৰ ৯৩ জন লোক সুস্থ হৈ উঠিছে। বৰ্তমানেও ৯১ হাজাৰ ৩৫ জন কভিড ৰোগী দিল্লীত চিকিৎসাধীন হৈ আছে।
স্বাস্থ্য বিভাগৰ তথ্য মতে দিল্লীৰ সমান্তৰালে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু চট্টিশগড়তো কভিড আক্রান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। ইফালে পশ্চিম বংগ আৰু উৰিষ্যাত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে আক্রান্তৰ সংখ্যা। উল্লেখ্য যে বিগত সময়ছোৱাত দিল্লীত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত চিকিৎসালয় সমূহত কভিড ৰোগীৰ চিকিৎসাৰ বাবে ঠাইৰ অভাৱ হোৱাৰ লগতে অক্সিজেনৰ নাটনিত বহু লোকৰ মৃত্যু ঘটিছিল।