নিউজ ডেস্ক : দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে যদিও বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। আগষ্ট মাহত দ্বিতীয়বাৰৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত আক্রান্তৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে যদিও বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ২৪ ঘন্টাত ৬১৭ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩৮ হাজাৰ ৬২৮ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৬১৭ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪০ হাজাৰ ১৭ জন।
লগতে পঢ়ক : তেজপুৰত গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ২ হাজাৰ ৬ জন অধিক। ইয়াৰ পূৰ্বে ২ আগষ্টত দেশত ২৪ ঘন্টাত ৩০ হাজাৰ ৫৪৯ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল। চলিত মাহত ১, ৩, ৪ আৰু ৫ আগষ্টত প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছিল।