নিউজ ডেস্ক : কভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ অব্যাহত আছে দেশত। বর্তমানেও দেশত প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। দেশত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা কিছুদিন পূৰ্বে নিয়ন্ত্ৰণলৈ আহিছিল যদিও পূবৰ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ দেশৰ অন্য ৰাজ্য সমূহৰ তুলনাৰ কেৰেলা আৰু মহাৰাষ্ট্ৰত ক’ভিড পৰিস্থিতিৰ অৱনতি ঘটিছে।

কেৰালা আৰু মহাৰাষ্ট্ৰত পুনৰ ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণ। ইতিমধ্যে ৰাজ্যদুখনৰ ক’ভিড সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। কেৰালাত যোৱা দুটা দিনত ক’ভিড সংক্ৰমণৰ হাৰ ভয়াবহভাৱে বৃদ্ধি পোৱাত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে। যোৱা ২৪ আগষ্টত ৰাজ্যখনত ২৪,২৯৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ লগতে যোৱা ২৪ ঘণ্টাত ৩১,৪৪৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।

আনহাতে ৰাজ্যখনত মৃত্যুৰ মুখত পৰিছে ২১৫ জন ক’ভিড ৰোগী। ৰাজ্যখনৰ ক’ভিড পজিটিভিটিৰ হাৰ ১৯.০৩% লৈ বৃদ্ধি পাইছে। যোৱা ২৪ আগষ্টত কেৰেলাৰ হাৰ আছিল ১৮.০৪%। ইফালে ৰাজ্যখনত অনিয়ন্ত্ৰিত হৈ পৰা ক’ভিড সংক্ৰমণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে তৎকালীনভাৱে অতিৰিক্ত আই চি ইউ আৰু অক্সিজেনৰ সুবিধা পৰ্যাপ্ত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক : শংকৰ সংঘক গাহৰি পোহাৰ বাবে এঘৰীয়া কৰাৰ কাৰণ বিচাৰিলে গাহৰি পালক সন্থাই

ইফালে মহাৰাষ্ট্ৰত পুনৰ অনিয়ন্ত্ৰিত হৈ পৰিছে ক’ভিড সংক্ৰমণৰ হাৰ। যোৱা ২৪ আগষ্টত ৰাজ্যখনত ৪,৩৫৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পঞ্জীয়ন হৈছিল। ইয়াৰ লগতে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৫,০৩১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। কেৰেলা আৰু মহাৰাষ্ট্ৰৰ লগতে কৰ্ণাটক, মধ্য প্ৰদেশ, তামিলনাডু আদি ৰাজ্যতো পুনৰ ক’ভিড আক্রান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply